< সামসঙ্গীত 29 >

1 হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
Saamu ti Dafidi. Ẹ fi fún Olúwa, ẹ̀yin ẹ̀dá ọ̀run, ẹ fi fún Olúwa, ògo àti alágbára.
2 যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
Fi fún Olúwa, àní ògo orúkọ rẹ̀; sin Olúwa nínú ẹwà ìwà mímọ́.
3 জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
Ohùn Olúwa n ré àwọn omi kọjá; Ọlọ́run ògo sán àrá, Olúwa san ara.
4 যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
Ohùn Olúwa ní agbára; ohùn Olúwa kún fún ọláńlá.
5 যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
Ohùn Olúwa fa igi kedari; Olúwa náà ló fọ́ igi kedari Lebanoni ya.
6 তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
Ó mú Lebanoni fo bí i ọmọ màlúù, àti Sirioni bí ọmọ àgbáǹréré.
7 যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
Ohùn Olúwa ń ya bí ọwọ́ iná mọ̀nà.
8 যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
Ohùn Olúwa ń mi aginjù. Olúwa mi aginjù Kadeṣi.
9 যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
Ohùn Olúwa ní ó lọ igi óákù, ó n mú abo àgbọ̀nrín bí, ó sì bọ́ igi igbó sí ìhòhò. Àti nínú tẹmpili rẹ̀ gbogbo ohùn wí pé, “Ògo!”
10 ১০ যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
Olúwa jókòó, Ó sì jẹ ọba lórí ìṣàn omi; Olúwa jókòó lórí ìtẹ́ gẹ́gẹ́ bí Ọba títí láéláé.
11 ১১ যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
Kí Olúwa fi agbára fún àwọn ènìyàn rẹ̀; bùkún àwọn ènìyàn rẹ̀ pẹ̀lú àlàáfíà.

< সামসঙ্গীত 29 >