< সামসঙ্গীত 29 >
1 ১ হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
Bigbigenyo a ni Yahweh - dakayo nga annak ti nabileg - bigbigenyo nga addaan ni Yahweh iti dayag ken pannakabalin!
2 ২ যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
Itedyo kenni Yahweh ti dayaw a maikari iti naganna; idaydayawyo ni Yahweh iti kawes a mayannatup iti kinasantona.
3 ৩ জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
Mangngeg ti timek ni Yahweh iti rabaw dagiti dandanum; aggurruod ti dayag ti Dios, aggurruod ni Yahweh iti rabaw dagiti adu a danum.
4 ৪ যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
Mannakabalin ti timek ni Yahweh; naindaklan ti timek ni Yahweh.
5 ৫ যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
Tukkolen ti timek ni Yahweh dagiti sedro; Tukku-tukkolen ni Yahweh dagiti sedro ti Libano.
6 ৬ তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
Paglagtoenna ti Libano a kasla urbon a baka ken ti Hermon a kasla urbon a toro.
7 ৭ যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
Dumarup ti timek ni Yahweh a mapakuyogan iti gumilgil-ayab nga apuy.
8 ৮ যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
Gun-gunen ti timek ni Yahweh ti let-ang; gun-gunen ni Yahweh ti let-ang ti Kades.
9 ৯ যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
Pagsikalen ti timek ni Yahweh ti kabaian nga ugsa; labusanna dagiti kakaykaywan; ngem iti templona kuna ti tunggal maysa, “Nadayag ti Dios!”
10 ১০ যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
Agturay ni Yahweh a kas ari iti layus; agturay ni Yahweh a kas ari iti agnanayon.
11 ১১ যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
Mangmangted ni Yahweh iti pigsa kadagiti tattaona; benbendisionan ni Yahweh dagiti tattaona iti kapia.