< সামসঙ্গীত 26 >
1 ১ হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
Ta Dawuda. Ka nuna rashin laifina, ya Ubangiji, gama na yi rayuwa marar zargi; Na dogara ga Ubangiji ba tare da kaucewa ba.
2 ২ হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
Ka jarraba ni, ya Ubangiji, ka kuma gwada ni, ka bincike zuciyata da tunanina;
3 ৩ কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
gama ƙaunarka kullum tana a gabana, kuma ina cin gaba da tafiya a cikin gaskiyarka.
4 ৪ প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
Ba na zama tare da masu ruɗu, ko in yi tarayya da masu riya;
5 ৫ মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো।
na ƙi jinin taron masu aikata mugunta na ƙi in zauna tare da mugaye.
6 ৬ হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,
Na wanke hannuwana cikin rashin laifi, ina yawo a bagadenka Ya Ubangiji,
7 ৭ যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
ina shelar yabonka da ƙarfi ina faɗin dukan ayyukanka masu banmamaki.
8 ৮ হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
Ina ƙaunar gidan da kake zama, ya Ubangiji, wurin da ɗaukakarka ke zaune.
9 ৯ পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
Kada ka ɗauke raina tare da masu zunubi raina tare da masu son yin kisankai
10 ১০ তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
waɗanda akwai mugayen dabaru a hannuwansu, waɗanda hannuwansu na dama suna cike da cin hanci.
11 ১১ কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা।
Amma na yi rayuwa marar zargi; ka cece ni ka kuma yi mini jinƙai.
12 ১২ মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।
Ƙafafuna suna tsaye daram; cikin taro mai girma zan yabi Ubangiji.