< সামসঙ্গীত 26 >
1 ১ হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
(Af David.) Skaf mig ret, o HERRE, thi jeg vandrer i Uskyld, stoler på HERREN uden at vakle.
2 ২ হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
Ransag mig, HERRE, og prøv mig, gransk mine Nyrer og mit Hjerte;
3 ৩ কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
thi din Miskundhed står mig for Øje, jeg vandrer i din Sandhed.
4 ৪ প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
Jeg tager ej Sæde blandt Løgnere, blandt falske kommer jeg ikke.
5 ৫ মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো।
Jeg hader de ondes Forsamling, hos gudløse sidder jeg ej.
6 ৬ হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,
Jeg tvætter mine Hænder i Renhed, at jeg kan vandre omkring dit Alter, HERRE,
7 ৭ যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
for at istemme Takkesang, fortælle om alle dine Undere.
8 ৮ হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
HERRE, jeg elsker dit Hus, det Sted, hvor din Herlighed bor.
9 ৯ পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
Bortriv ikke min Sjæl med Syndere, mit Liv med blodstænkte Mænd,
10 ১০ তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
i hvis Hænder er Skændselsdåd, hvis højre er fuld af Bestikkelse.
11 ১১ কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা।
Jeg har jo vandret i Uskyld, forløs mig og vær mig nådig!
12 ১২ মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।
Min Fod står på den jævne Grund, i Forsamlinger vil jeg love HERREN.