< সামসঙ্গীত 25 >

1 হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!
לְדָוִ֡ד אֵלֶ֥יךָ יְ֝הוָ֗ה נַפְשִׁ֥י אֶשָּֽׂא׃
2 হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
אֱֽלֹהַ֗י בְּךָ֣ בָ֭טַחְתִּי אַל־אֵב֑וֹשָׁה אַל־יַֽעַלְצ֖וּ אֹיְבַ֣י לִֽי׃
3 তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা; কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব।
גַּ֣ם כָּל־קֹ֭וֶיךָ לֹ֣א יֵבֹ֑שׁוּ יֵ֝בֹ֗שׁוּ הַבּוֹגְדִ֥ים רֵיקָֽם׃
4 হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
דְּרָכֶ֣יךָ יְ֭הוָה הוֹדִיעֵ֑נִי אֹ֖רְחוֹתֶ֣יךָ לַמְּדֵֽנִי׃
5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
הַדְרִ֘יכֵ֤נִי בַאֲמִתֶּ֨ךָ ׀ וְֽלַמְּדֵ֗נִי כִּֽי־אַ֭תָּה אֱלֹהֵ֣י יִשְׁעִ֑י אוֹתְךָ֥ קִ֝וִּ֗יתִי כָּל־הַיּֽוֹם׃
6 হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
זְכֹר־רַחֲמֶ֣יךָ יְ֭הוָה וַחֲסָדֶ֑יךָ כִּ֖י מֵעוֹלָ֣ם הֵֽמָּה׃
7 মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
חַטֹּ֤אות נְעוּרַ֨י ׀ וּפְשָׁעַ֗י אַל־תִּ֫זְכֹּ֥ר כְּחַסְדְּךָ֥ זְכָר־לִי־אַ֑תָּה לְמַ֖עַן טוּבְךָ֣ יְהוָֽה׃
8 যিহোৱা মঙ্গলময় আৰু সৎ; সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
טוֹב־וְיָשָׁ֥ר יְהוָ֑ה עַל־כֵּ֤ן יוֹרֶ֖ה חַטָּאִ֣ים בַּדָּֽרֶךְ׃
9 তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
יַדְרֵ֣ךְ עֲ֭נָוִים בַּמִּשְׁפָּ֑ט וִֽילַמֵּ֖ד עֲנָוִ֣ים דַּרְכּֽוֹ׃
10 ১০ যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
כָּל־אָרְח֣וֹת יְ֭הוָה חֶ֣סֶד וֶאֱמֶ֑ת לְנֹצְרֵ֥י בְ֝רִית֗וֹ וְעֵדֹתָֽיו׃
11 ১১ হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
לְמַֽעַן־שִׁמְךָ֥ יְהוָ֑ה וְֽסָלַחְתָּ֥ לַ֝עֲוֹנִ֗י כִּ֣י רַב־הֽוּא׃
12 ১২ কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।
מִי־זֶ֣ה הָ֭אִישׁ יְרֵ֣א יְהוָ֑ה י֝וֹרֶ֗נּוּ בְּדֶ֣רֶךְ יִבְחָֽר׃
13 ১৩ তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
נַ֭פְשׁוֹ בְּט֣וֹב תָּלִ֑ין וְ֝זַרְע֗וֹ יִ֣ירַשׁ אָֽרֶץ׃
14 ১৪ যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
ס֣וֹד יְ֭הוָה לִירֵאָ֑יו וּ֝בְרִית֗וֹ לְהוֹדִיעָֽם׃
15 ১৫ মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ; কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।
עֵינַ֣י תָּ֭מִיד אֶל־יְהוָ֑ה כִּ֤י הֽוּא־יוֹצִ֖יא מֵרֶ֣שֶׁת רַגְלָֽי׃
16 ১৬ মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।
פְּנֵה־אֵלַ֥י וְחָנֵּ֑נִי כִּֽי־יָחִ֖יד וְעָנִ֣י אָֽנִי׃
17 ১৭ মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা; মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা।
צָר֣וֹת לְבָבִ֣י הִרְחִ֑יבוּ מִ֝מְּצֽוּקוֹתַ֗י הוֹצִיאֵֽנִי׃
18 ১৮ মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা।
רְאֵ֣ה עָ֭נְיִי וַעֲמָלִ֑י וְ֝שָׂ֗א לְכָל־חַטֹּאותָֽי׃
19 ১৯ মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক; তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে।
רְאֵֽה־אוֹיְבַ֥י כִּי־רָ֑בּוּ וְשִׂנְאַ֖ת חָמָ֣ס שְׂנֵאֽוּנִי׃
20 ২০ মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা; মোক লাজত পৰিবলৈ নিদিবা, কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।
שָׁמְרָ֣ה נַ֭פְשִׁי וְהַצִּילֵ֑נִי אַל־אֵ֝ב֗וֹשׁ כִּֽי־חָסִ֥יתִי בָֽךְ׃
21 ২১ মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক; কাৰণ মই তোমালৈকো অপেক্ষা কৰিছোঁ।
תֹּם־וָיֹ֥שֶׁר יִצְּר֑וּנִי כִּ֝֗י קִוִּיתִֽיךָ׃ יְהוָה
22 ২২ হে ঈশ্বৰ, ইস্ৰায়েলক তেওঁলোকৰ সকলো দুখ-কষ্টৰ পৰা মুক্ত কৰা।
פְּדֵ֣ה אֱ֭לֹהִים אֶת־יִשְׂרָאֵ֑ל מִ֝כֹּ֗ל צָֽרוֹתָיו׃

< সামসঙ্গীত 25 >