< সামসঙ্গীত 24 >
1 ১ পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
Davidin Psalmi. Herran on maa, ja kaikki mitkä siinä ovat, maan piiri ja ne jotka sen päällä asuvat.
2 ২ কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
Sillä hän on perustanut sen merten päälle, ja virtain päälle sen vahvistanut.
3 ৩ যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?
Kuka astuu Herran vuorelle? ja kuka taitaa seisoa hänen pyhässä siassansa?
4 ৪ কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।
Jolla viattomat kädet ovat ja on puhdas sydämestä, joka ei halaja turhuutta eikä vanno väärin,
5 ৫ তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
Se saa siunauksen Herralta, ja vanhurskauden autuutensa Jumalalta.
6 ৬ এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
Tämä on se sukukunta, joka häntä etsii, joka kysyy sinun kasvojas, Jakob, (Sela)
7 ৭ হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
Tehkäät portit avaraksi ja ovet maailmassa korkiaksi, kunnian Kuninkaan mennä sisälle.
8 ৮ সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
Kuka on kunnian Kuningas? se on Herra, väkevä ja voimallinen, Herra voimallinen sodassa.
9 ৯ হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
Tehkäät portit avaraksi ja ovet maailmassa korkiaksi, kunnian Kuninkaan mennä sisälle!
10 ১০ সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)
Kuka on kunnian Kuningas? se on Herra Zebaot, hän on kunnian Kuningas, (Sela)