< সামসঙ্গীত 23 >

1 যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
A Psalm of David. The LORD is my shepherd; I shall not want.
2 তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।
He maketh me to lie down in green pastures: he leadeth me beside the still waters.
3 তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
He restoreth my soul: he guideth me in the paths of righteousness for his name’s sake.
4 এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
Yea, though I walk through the valley of the shadow of death, I will fear no evil; for thou art with me: thy rod and thy staff, they comfort me.
5 তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।
Thou preparest a table before me in the presence of mine enemies: thou hast anointed my head with oil; my cup runneth over.
6 অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
Surely goodness and mercy shall follow me all the days of my life: and I will dwell in the house of the LORD for ever.

< সামসঙ্গীত 23 >