< সামসঙ্গীত 22 >
1 ১ হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?
in finem pro adsumptione matutina psalmus David Deus Deus meus respice me quare me dereliquisti longe a salute mea verba delictorum meorum
2 ২ হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
Deus meus clamabo per diem et non exaudies et nocte et non ad insipientiam mihi
3 ৩ কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
tu autem in sancto habitas Laus Israhel
4 ৪ তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
in te speraverunt patres nostri speraverunt et liberasti eos
5 ৫ তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
ad te clamaverunt et salvi facti sunt in te speraverunt et non sunt confusi
6 ৬ কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।
ego autem sum vermis et non homo obprobrium hominum et abiectio plebis
7 ৭ যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
omnes videntes me deriserunt me locuti sunt labiis moverunt caput
8 ৮ “তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”
speravit in Domino eripiat eum salvum faciat eum quoniam vult eum
9 ৯ কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
quoniam tu es qui extraxisti me de ventre spes mea ab uberibus matris meae
10 ১০ জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
in te proiectus sum ex utero de ventre matris meae Deus meus es tu
11 ১১ তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
ne discesseris a me quoniam tribulatio proxima est quoniam non est qui adiuvet
12 ১২ মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।
circumdederunt me vituli multi tauri pingues obsederunt me
13 ১৩ ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
aperuerunt super me os suum sicut leo rapiens et rugiens
14 ১৪ মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
sicut aqua effusus sum et dispersa sunt universa ossa mea factum est cor meum tamquam cera liquescens in medio ventris mei
15 ১৫ মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।
aruit tamquam testa virtus mea et lingua mea adhesit faucibus meis et in limum mortis deduxisti me
16 ১৬ কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
quoniam circumdederunt me canes multi concilium malignantium obsedit me foderunt manus meas et pedes meos
17 ১৭ মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে।
dinumeraverunt omnia ossa mea ipsi vero consideraverunt et inspexerunt me
18 ১৮ নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
diviserunt sibi vestimenta mea et super vestem meam miserunt sortem
19 ১৯ কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
tu autem Domine ne elongaveris auxilium tuum ad defensionem meam conspice
20 ২০ তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!
erue a framea animam meam et de manu canis unicam meam
21 ২১ সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
salva me ex ore leonis et a cornibus unicornium humilitatem meam
22 ২২ ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।
narrabo nomen tuum fratribus meis in media ecclesia laudabo te
23 ২৩ তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
qui timetis Dominum laudate eum universum semen Iacob magnificate eum
24 ২৪ তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
timeat eum omne semen Israhel quoniam non sprevit neque dispexit deprecationem pauperis nec avertit faciem suam a me et cum clamarem ad eum exaudivit me
25 ২৫ মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
apud te laus mea in ecclesia magna vota mea reddam in conspectu timentium eum
26 ২৬ দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
edent pauperes et saturabuntur et laudabunt Dominum qui requirunt eum vivent corda eorum in saeculum saeculi
27 ২৭ পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
reminiscentur et convertentur ad Dominum universi fines terrae et adorabunt in conspectu eius universae familiae gentium
28 ২৮ কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।
quoniam Dei est regnum et ipse dominabitur gentium
29 ২৯ পৃথিবীৰ অহংকাৰী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।
manducaverunt et adoraverunt omnes pingues terrae in conspectu eius cadent omnes qui descendunt in terram
30 ৩০ ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; ভাবীবংশৰ লোকসকলৰ ওচৰত যিহোৱাৰ বিষয়ে কোৱা হ’ব।
et anima mea illi vivet et semen meum serviet ipsi
31 ৩১ যিসকলৰ এতিয়াও জন্ম হোৱা নাই, তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; ক’ব যে তেৱেঁই এই কার্য কৰিলে।
adnuntiabitur Domino generatio ventura et adnuntiabunt iustitiam eius populo qui nascetur quem fecit Dominus