< সামসঙ্গীত 20 >
1 ১ সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক, যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,
To the chief Musician, A Psalm of David. The LORD hear thee in the day of trouble; the name of the God of Jacob defend thee.
2 ২ তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
Send thee help from the sanctuary, and strengthen thee out of Zion.
3 ৩ তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)
Remember all thy offerings, and accept thy burnt-sacrifice. (Selah)
4 ৪ তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
Grant thee according to thy own heart, and fulfill all thy counsel.
5 ৫ তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।
We will rejoice in thy salvation, and in the name of our God we will set up [our] banners: the LORD fulfill all thy petitions.
6 ৬ এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
Now I know that the LORD saveth his anointed; he will hear him from his holy heaven with the saving strength of his right hand.
7 ৭ অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
Some [trust] in chariots, and some in horses: but we will remember the name of the LORD our God.
8 ৮ তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
They are brought down and fallen: but we are raised, and stand upright.
9 ৯ হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।
Save, LORD: let the king hear us when we call.