< সামসঙ্গীত 19 >
1 ১ গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।
LANG pokon kin kasokasoi duen lingan en Kot o aude pan lang kin katitiki dodok en lim a kan.
2 ২ দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে; ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।
Ran eu kin kasokasoi ong eu ran o pong eu kin padaki ong eu pong.
3 ৩ কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই; তাৰ শব্দও শুনা নাযায়।
Sota kaparok o sota lepen lokaia, ari so, ngil a kin peido.
4 ৪ তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়; সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়; আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।
O a loua padak lel ong sap karos, o a kaparok lel imwin sappa. A kotin wiai ong katipin im pwal eu pan lang;
5 ৫ সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।
O a kin pedoi sang nan a pera dueta ol kamod amen, o kin pereperen dueta ol kamod amen ni a tangwei pon al o.
6 ৬ সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ; তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে
A dakada ni eu imwin lang ap tangalang imwin teio, o sota me kak rir sang mon karakar a.
7 ৭ যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
Kapung en Ieowa me unsok o kin kainsenemauiala ngen en aramas akan. Kadede en Ieowa me melel o kin kalolekongla me lolepon.
8 ৮ যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
Kusoned en Ieowa me pung o kin kaperenda mongiong en aramas. Kusoned en Ieowa me makelekel o kamarainiada mas en aramas.
9 ৯ যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।
Lomwin Ieowa me min o kin duedueta. Masan en Ieowa kan me melel, o pung kaualap.
10 ১০ সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।
Irail me kasampwal sang kold o kold lingan toto, o iau sang onik o onik kasampwal.
11 ১১ তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।
Ir me pil kin katamanda sapwilim omui ladu, o me kin kapwai ir ada, ar kating me lapalap.
12 ১২ কোনে নিজৰ ভুলবোৰ গমিব পাৰে? মোক গুপুত পাপৰ পৰা শুচি কৰা।
Is me kak asa duen toto en a sapung? Kom kotin lapwada dip ai me rir akan.
13 ১৩ গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা; সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে; তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।
Pil perewei sang sapwilim omui ladu me aklapalap, pwe ren der kaloe ia di, i ap pan pungala, o pan makelekel sang dip lapalap kokolata.
14 ১৪ হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
Kom kotin kupura kaparok en au ai o lokolokaia en mongiong i mo’mui, Ieowa ai paipalap o ai saundor.