< সামসঙ্গীত 18 >
1 ১ হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ।
A karmesternek. Az Örökkévaló szolgájától, Dávidtól; a ki elmondta az Örökkévalónak ez ének szavait, a mely napon megmentette őt az Örökkévaló mind az ellenségei kezéből és Sául kezéből. Mondta: Szeretlek, Örökkévaló, én erőm!
2 ২ যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
Az Örökkévaló szírtem és váram és megszabadítóm, Istenem, sziklám, kiben menedékem van, paizsom, üdvöm szarúja, mentsváram!
3 ৩ যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
A dicséretest szólítom, az Örökkévalót, és elleneimtől megsegíttetem.
4 ৪ মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ, পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো।
Körülfogtak halálnak kötelei, vésznek árjai ijesztettek;
5 ৫ চিয়োলৰ জৰীয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল। (Sheol )
alvilágnak kötelei környékeztek, elém kerültek a halálnak tőrei. (Sheol )
6 ৬ সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
Szorultságomban szólítom az Örökkévalót és Istenemhez fohászkodom; hallja templomából szavamat, fohászom eléje jut, füleibe.
7 ৭ তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
Ingott, rengett a föld, a hegyek alapjai megreszkettek, meginogtak, mert haragra lobbant.
8 ৮ তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল, তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল; তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল।
Füst szállott fel orrából és tűz emésztett a szájából, parázs izzott belőle.
9 ৯ তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল; তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ।
meghajtotta az eget és leszállt, s ködhomály lábai alatt.
10 ১০ তেওঁ কৰূবত উঠি উড়ি আহিল, বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।
Kérubra űlt és repült; suhant a szélnek szárnyain.
11 ১১ তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে; চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।
Sötétséget tett rejtekévé, maga körül sátoráúl, vizek sötétjét, fellegek sűrűjét.
12 ১২ তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি, শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।
A fénytől őelőtte elvonúltak felhői – jégeső és tűzparazsak.
13 ১৩ যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল।
Égben dörgött az Örökkévaló, s a legfelsőbb adja hangját – jégesőt és tűzparazsat.
14 ১৪ তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
Küldte nyilait és szétszórta őket, villámokat lőtt és megzavarta őket.
15 ১৫ হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
Meglátszottak a vizeknek medrei, feltárúltak a vi1ág alapjai, dorgálásodtól, oh Örökkévaló, orrod fuvallatának leheletétől.
16 ১৬ তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে, মহাজল সমূহৰ পৰা মোক তুলি আনিলে।
Lenyúl a magasból, megfog engem, kihúz engem nagy vizekből.
17 ১৭ মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।
Megment hatalmas ellenemtől, és gyűlölőimtől, mert erősbek nálam.
18 ১৮ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
Elém törtek balsorsom napján, de az Örökkévaló támaszom volt.
19 ১৯ তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
Kivezetett engem tágas térre, kiragadott, mert kedvelt engem.
20 ২০ যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
Cselekszik velem az Örökkévaló igazságom szerint, kezeim tisztasága szerint viszonoz nekem.
21 ২১ কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
Mert megőriztem az Örökkévaló útjait és nem tértem el gonoszúl Istenemtől;
22 ২২ তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
mert ítéletei mind előttem vannak, és törvényeit nem távolítom el magamtól.
23 ২৩ তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
Gáncstalan voltam ő vele: őrizkedtem bűnömtől.
24 ২৪ এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
S viszonzott nekem az Örökkévaló igazságom szerint, kezeim tisztasága szerint szemei előtt.
25 ২৫ হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
Kegyessel kegyesen bánsz, gáncstalan férfiúval gáncstalanúl;
26 ২৬ তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
megtisztúlttal tisztán bánsz, fonákkal ferdén.
27 ২৭ কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
Mert te a szegény népet megsegíted és a büszke szemeket leslázod.
28 ২৮ কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা; হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।
Mert te világíttatod mécsesemet, az Örökkévaló, én Istenem fénynyé teszi sötétségemet.
29 ২৯ তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ, মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ।
Mert veled rohanok meg csapatot, s Istenemmel ugrok fel falra.
30 ৩০ ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
Az Isten – gáncstalan az útja, az Örökkévaló szava salaktalan, paizsa ő mind a benne menedéket keresőknek.
31 ৩১ যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে?
Mert ki Isten az Örökkévalón kívűl, és ki a szikla Istenünkön kívűl.
32 ৩২ ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
Az Isten az, ki felövez engem erővel, és gáncstalanná tette útamat.
33 ৩৩ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
Olyanná teszi lábaimat, mint az őzök, állnom enged magaslataimon.
34 ৩৪ তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
Karczra tanítja kezeimet, hogy érczíjjat ragadjanak karjaim.
35 ৩৫ তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
Adtad nekem üdvödnek paizsát, jobbod támaszt engem, és nagygyá tesz a nyájasságod.
36 ৩৬ তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; তাতে মোৰ ভৰি পিছলি নগল।
Kitágítod léptemet én alattam, hogy meg ne tántorodjanak a bokáim.
37 ৩৭ মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
Üldözöm ellenségeimet és útolérem, vissza se térek, míg el nem pusztítottam őket.
38 ৩৮ মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
Szétzúzom őket, hogy föl sem kelhetnek, elhullanak lábaim alatt.
39 ৩৯ তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
Felöveztél erővel a karczra, legörnyeszted támadóimat alattam.
40 ৪০ তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
Ellenségeimet háttal fordítottad felém, gyűlölőimet, hogy megsemmítsem.
41 ৪১ তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
Fohászkodnak, de nincs segítő, az Örökkévalóhoz, de nem hallgatta meg őket.
42 ৪২ মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
Szétmorzsolom őket, mint port szél előtt, mint utczák sarát, kiürítem őket.
43 ৪৩ লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
Megszabadítottál népnek küzdelmeitől, teszel engem nemzetek fejévé, nem-ismertem nép szolgál engem.
44 ৪৪ মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
Fülhallásra engednek nekem, külföldnek fiai hízelegnek nekem.
45 ৪৫ বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
Külföldnek fiai ellankadnak, remegve jönnek zárt helyeikből.
46 ৪৬ যিহোৱা জীৱিত! মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।
Él az Örökkévaló, áldva legyen a sziklám, magasztaltassék üdvöm Istene;
47 ৪৭ তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
az Isten, ki nékem megtorlást enged és népeket alám hódoltat,
48 ৪৮ মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
megszabadít ellenségeimtől, támadóim közül is fölemelsz, erőszaknak emberétől megmentesz.
49 ৪৯ হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Azért magasztallak a nemzetek közt, oh Örökkévaló, és nevednek hadd dallok;
50 ৫০ যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে; নিজৰ অভিষিক্তজনৰ প্রতি, দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ, তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।
ki nagygyá teszi királyának segítségét és kegyet mível fölkentjével, Dáviddal és magzatjával örökké.