< সামসঙ্গীত 16 >
1 ১ হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
A Miktam of David. Preserve me, O God, for in You I take refuge.
2 ২ মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু; তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
I said to the LORD, “You are my Lord; apart from You I have no good thing.”
3 ৩ পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
As for the saints in the land, they are the excellence in whom all my delight resides.
4 ৪ যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম।
Sorrows will multiply to those who chase other gods. I will not pour out their libations of blood, or speak their names with my lips.
5 ৫ যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
The LORD is my chosen portion and my cup; You have made my lot secure.
6 ৬ মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
The lines of my boundary have fallen in pleasant places; surely my inheritance is delightful.
7 ৭ যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
I will bless the LORD who counsels me; even at night my conscience instructs me.
8 ৮ মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
I have set the LORD always before me. Because He is at my right hand, I will not be shaken.
9 ৯ এই কাৰণে মোৰ মন আনন্দেৰে ভৰা, মোৰ হৃদয়ে উল্লাস কৰে; মোৰ শৰীৰ নিৰাপদে থাকিব।
Therefore my heart is glad and my tongue rejoices; my body also will dwell securely.
10 ১০ কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। (Sheol )
For You will not abandon my soul to Sheol, nor will You let Your Holy One see decay. (Sheol )
11 ১১ তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।
You have made known to me the path of life; You will fill me with joy in Your presence, with eternal pleasures at Your right hand.