< সামসঙ্গীত 150 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা; তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।
Praise ye Yah, Praise ye GOD in his sanctuary, Praise him, in his strong expanse:
2 ২ তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা, তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।
Praise him, for his mighty deeds, Praise him, according to his exceeding greatness:
3 ৩ শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
Praise him, with the blast of a horn, Praise him, with the harp and lyre:
4 ৪ খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা; তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।
Praise him, with timbrel and dance, —Praise him, with stringed instrument and flute,
5 ৫ কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা; কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।
Praise him, with cymbals of clear tone, —Praise him, with cymbals of loud clang:
6 ৬ শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Let, every breathing thing, praise Yah, Praise ye Yah!