< সামসঙ্গীত 149 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
Louvai ao Senhor. cantai ao Senhor um cântico novo, e o seu louvor na congregação dos santos.
2 ২ ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
Alegre-se Israel naquele que o fez, gozem-se os filhos de Sião no seu rei.
3 ৩ তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
Louvem o seu nome com flauta; cantem-lhe o seu louvor com adufe e harpa.
4 ৪ কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
Porque o Senhor se agrada do seu povo; ornará os mansos com a salvação.
5 ৫ ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
Exultem os santos na glória, alegrem-se nas suas camas.
6 ৬ তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
Estejam na sua garganta os altos louvores de Deus, e espada de dois fios nas suas mãos,
7 ৭ যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমূহক শাস্তি দিব পাৰে;
Para tomarem vingança das nações, e darem repreensões aos povos;
8 ৮ যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
Para aprisionarem os seus reis com cadeias, e os seus nobres com grilhões de ferro;
9 ৯ যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Para fazerem neles o juízo escrito; esta será a glória de todos os santos. louvai ao Senhor.