< সামসঙ্গীত 148 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।
Ẹ fi ìyìn fún Olúwa. Ẹ fi ìyìn fún Olúwa láti ọ̀run wá, ẹ fi ìyìn fún un níbi gíga.
2 ২ হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
Ẹ fi ìyìn fún un, gbogbo ẹ̀yin angẹli rẹ̀, ẹ fi ìyìn fún un, gbogbo ẹ̀yin ọmọ-ogun rẹ̀.
3 ৩ হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
Ẹ fi ìyìn fún un, oòrùn àti òṣùpá. Ẹ fi ìyìn fún un, gbogbo ẹ̀yin ìràwọ̀ ìmọ́lẹ̀.
4 ৪ হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা!
Ẹ fi ìyìn fún un, ẹ̀yin ọ̀run àti àwọn ọ̀run gíga àti ẹ̀yin omi tí ń bẹ ní òkè ọ̀run.
5 ৫ সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
Ẹ jẹ́ kí wọn kí ó yin orúkọ Olúwa nítorí ó pàṣẹ a sì dá wọn
6 ৬ তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
Ó fi ìdí wọn múlẹ̀ láé àti láéláé ó sì ti ṣe ìlànà kan tí kì yóò já.
7 ৭ হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
Ẹ yin Olúwa láti ilẹ̀ ayé wá ẹ̀yin ẹ̀dá inú òkun títóbi àti ẹ̀yin ibú òkun,
8 ৮ হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!
mọ̀nàmọ́ná àti òjò yìnyín ìdí omi àti àwọn ìkùùkuu, ìjì líle tí ń mú ọ̀rọ̀ rẹ̀ ṣẹ,
9 ৯ হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!
òkè ńlá àti gbogbo òkè kéékèèké, igi eléso àti gbogbo igi kedari,
10 ১০ হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!
àwọn ẹranko ńlá àti ẹran ọ̀sìn gbogbo ohun afàyàfà àti àwọn ẹyẹ abìyẹ́,
11 ১১ হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!
àwọn ọba ayé àti ènìyàn ayé gbogbo àwọn ọmọ-aládé àti gbogbo àwọn onídàájọ́ ayé,
12 ১২ হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
ọ̀dọ́mọkùnrin àti ọ̀dọ́mọbìnrin àwọn arúgbó àti àwọn ọmọdé.
13 ১৩ এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
Ẹ jẹ́ kí wọn kí ó yin orúkọ Olúwa nítorí orúkọ rẹ̀ nìkan ni ó ní ọlá ògo rẹ̀ kọjá ayé àti ọ̀run
14 ১৪ তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Ó sì gbé ìwo kan sókè fún àwọn ènìyàn rẹ̀, ìyìn fún gbogbo ènìyàn mímọ́ rẹ̀ àní fún àwọn ọmọ Israẹli, àwọn ènìyàn tí ó súnmọ́ ọ̀dọ̀ rẹ̀. Ẹ fi ìyìn fún Olúwa.