< সামসঙ্গীত 147 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
Хвалите Господа, јер је слатко певати Бога нашег, јер Благоме приликује хвала.
2 ২ যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।
Господ зида Јерусалим, сабира расејане синове Израиљеве;
3 ৩ তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
Исцељује оне који су скрушеног срца, и лечи туге њихове;
4 ৪ তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।
Избраја мноштво звезда, и све их зове именом.
5 ৫ আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
Велик је Господ наш и велика је крепост Његова, и разуму Његовом нема мере.
6 ৬ যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
Прихвата смерне Господ, а безбожне понижава до земље.
7 ৭ তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
Редом певајте Господу хвалу, ударајте Богу нашем у гусле.
8 ৮ যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
Он застире небо облацима, спрема земљи дажд, чини те расте на горама трава;
9 ৯ পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।
Даје стоци пићу њену, и вранићима, који вичу к Њему.
10 ১০ ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;
Не мари за силу коњску, нити су Му мили краци човечији.
11 ১১ কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
Мили су Господу они који Га се боје, који се уздају у милост Његову.
12 ১২ হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।
Слави, Јерусалиме, Господа; хвали Бога свог, Сионе!
13 ১৩ কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।
Јер Он утврђује преворнице врата твојих, благосиља синове твоје у теби.
14 ১৪ তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।
Ограђује међе твоје миром, насићава те једре пшенице.
15 ১৫ তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।
Шаље говор свој на земљу, брзо тече реч Његова.
16 ১৬ তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।
Даје снег као вуну, сипа иње као пепео.
17 ১৭ তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?
Баца град свој као залогаје, пред мразом Његовим ко ће остати?
18 ১৮ তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
Пошаље реч своју, и све се раскрави; дуне духом својим, и потеку воде.
19 ১৯ তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।
Он је јавио реч своју Јакову, наредбе и судове своје Израиљу.
20 ২০ অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Ово није учинио ни једном другом народу, и судова Његових они не знају. Алилуја!