< সামসঙ্গীত 146 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
Ẹ fi ìyìn fún Olúwa. Fi ìyìn fún Olúwa, ìwọ ọkàn mi.
2 ২ মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Èmi yóò yin Olúwa ní gbogbo ayé mi, èmi yóò kọrin ìyìn sí Ọlọ́run, níwọ̀n ìgbà tí mo bá wà láààyè.
3 ৩ তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
Ẹ má ṣe ní ìgbẹ́kẹ̀lé nínú àwọn ọmọ-aládé, àní, ọmọ ènìyàn, lọ́wọ́ ẹni tí kò sí ìrànlọ́wọ́.
4 ৪ তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
Ẹ̀mí rẹ jáde lọ, ó padà sí erùpẹ̀, ní ọjọ́ náà gan, èrò wọn yóò di òfo.
5 ৫ যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Ìbùkún ni fún ẹni tí Ọlọ́run Jakọbu ń ṣe ìrànlọ́wọ́ rẹ̀ tí ìrètí rẹ̀ wà nínú Olúwa Ọlọ́run rẹ̀.
6 ৬ তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকালে বিশ্বাসযোগ্য।
Ẹni tí ó dá ọ̀run àti ayé, òkun àti ohun gbogbo tí ń bẹ nínú wọn, ẹni tí ó pa òtítọ́ mọ́ títí ayé.
7 ৭ তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
Ẹni tí ń ṣe ìdájọ́ àwọn tí a ni lára, tí ó fi oúnjẹ fún àwọn tí ebi ń pa, Olúwa, tú àwọn oǹdè sílẹ̀,
8 ৮ যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;
Olúwa mú àwọn afọ́jú ríran, Olúwa, gbé àwọn tí a rẹ̀ sílẹ̀ ga, Olúwa fẹ́ràn àwọn olódodo.
9 ৯ যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
Olúwa ń dá ààbò bo àwọn àlejò ó sì ń dá àwọn aláìní baba àti opó sí ṣùgbọ́n ó ba ọ̀nà àwọn ènìyàn búburú jẹ́.
10 ১০ যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Olúwa jẹ ọba títí láé; Ọlọ́run rẹ, ìwọ Sioni, àti fún gbogbo ìran. Ẹ fi ìyìn fún Olúwa.