< সামসঙ্গীত 146 >

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
Msifuni Bwana! Ee nafsi yangu, umsifu Bwana,
2 মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Nitamsifu Bwana maisha yangu yote; nitamwimbia Mungu wangu sifa wakati wote niishipo.
3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
Usiweke tumaini lako kwa wakuu, kwa wanadamu ambao hufa, ambao hawawezi kuokoa.
4 তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
Roho yao itokapo hurudi mavumbini, siku hiyo hiyo mipango yao yote hukoma.
5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Heri yeye ambaye Mungu wa Yakobo ni msaada wake, ambaye tumaini lake ni katika Bwana, Mungu wake,
6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকালে বিশ্বাসযোগ্য।
Muumba wa mbingu na nchi, na bahari na vyote vilivyomo ndani yake: Bwana anayedumu kuwa mwaminifu milele na milele.
7 তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
Naye huwapatia haki walioonewa na kuwapa wenye njaa chakula. Bwana huwaweka wafungwa huru,
8 যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;
Bwana huwafumbua vipofu macho, Bwana huwainua waliolemewa na mizigo yao, Bwana huwapenda wenye haki.
9 যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
Bwana huwalinda wageni na kuwategemeza yatima na wajane, lakini hupinga njia za waovu.
10 ১০ যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Bwana atamiliki milele, Mungu wako, ee Sayuni, kwa vizazi vyote. Msifuni Bwana.

< সামসঙ্গীত 146 >