< সামসঙ্গীত 145 >
1 ১ হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
Saamu ìyìn. Ti Dafidi. Èmi yóò gbé ọ ga, Ọlọ́run ọba mi; èmi yóò yin orúkọ rẹ̀ láé àti láéláé.
2 ২ মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
Ní ojoojúmọ́ èmi yóò yìn ọ́ èmi yóò sì pòkìkí orúkọ rẹ láé àti láéláé.
3 ৩ যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
Títóbi ni Olúwa. Òun sì ni ó yẹ láti fi ìyìn fún púpọ̀púpọ̀: kò sí ẹni tí ó lè wọn títóbi rẹ̀.
4 ৪ এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
Ìran kan yóò máa yin iṣẹ́ rẹ dé ìran mìíràn; wọn yóò máa sọ iṣẹ́ agbára rẹ.
5 ৫ মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।
Wọn yóò máa sọ ìyìn ọláńlá rẹ tí ó lógo, èmi yóò máa ṣe àṣàrò nínú iṣẹ́ ìyanu rẹ.
6 ৬ লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
Wọn yóò sọ iṣẹ́ agbára rẹ tí ó ní ẹ̀rù èmi yóò kéde iṣẹ́ ńlá rẹ̀.
7 ৭ তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
Wọn yóò ṣe ìrántí ọ̀pọ̀lọpọ̀ ìwà rere rẹ àti orin ayọ̀ òdodo rẹ.
8 ৮ যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Olóore-ọ̀fẹ́ ni Olúwa àti aláàánú ó lọ́ra láti bínú ó sì ní ìfẹ́ púpọ̀.
9 ৯ যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
Olúwa dára sí ẹni gbogbo; ó ní àánú lórí ohun gbogbo tí ó dá.
10 ১০ হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
Gbogbo ohun tí ìwọ ti dá ni yóò máa yìn ọ́ Olúwa; àwọn ẹni mímọ́ yóò máa pòkìkí rẹ.
11 ১১ তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
Wọn yóò sọ ògo ìjọba rẹ wọn yóò sì sọ̀rọ̀ agbára rẹ,
12 ১২ যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
kí gbogbo ènìyàn le mọ iṣẹ́ agbára rẹ̀ àti ọláńlá ìjọba rẹ tí ó lógo.
13 ১৩ তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Ìjọba rẹ ìjọba ayérayé ni, àti ìjọba rẹ wà ní gbogbo ìrandíran.
14 ১৪ যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
Olúwa mú gbogbo àwọn tí ó ṣubú ró ó sì gbé gbogbo àwọn tí ó tẹríba dìde.
15 ১৫ সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
Ojú gbogbo ènìyàn ń wò ọ́, ó sì fún wọn ní oúnjẹ wọn ní àkókò tí ó yẹ.
16 ১৬ তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
Ìwọ ṣí ọwọ́ rẹ ìwọ sì tẹ́ ìfẹ́ gbogbo ohun alààyè lọ́rùn.
17 ১৭ যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
Olúwa jẹ́ olódodo ní gbogbo ọ̀nà rẹ̀ àti ìfẹ́ rẹ̀ sí gbogbo ohun tí o dá.
18 ১৮ যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
Olúwa wà ní tòsí gbogbo àwọn tí ń ké pè é, sí gbogbo ẹni tí ń ké pè é ní òtítọ́.
19 ১৯ যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
Ó mú ìfẹ́ àwọn tí ó bẹ̀rù rẹ̀ ṣẹ; ó gbọ́ igbe wọn, ó sì gbà wọ́n.
20 ২০ যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
Olúwa dá gbogbo àwọn tí ó ní ìfẹ́ sẹ sí ṣùgbọ́n gbogbo àwọn ẹni búburú ní yóò parun.
21 ২১ মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।
Ẹnu mi yóò sọ̀rọ̀ ìyìn Olúwa. Jẹ́ kí gbogbo ẹ̀dá yín orúkọ rẹ̀ mímọ́ láé àti láéláé.