< সামসঙ্গীত 145 >
1 ১ হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
Jeg vil ophøje dig, min Gud, du som er Kongen! og love dit Navn evindelig og altid.
2 ২ মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
Hver Dag vil jeg love dig og prise dit Navn evindelig og altid.
3 ৩ যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
Herren er stor og saare priselig, og hans Magt er uransagelig.
4 ৪ এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
En Slægt skal berømme for den anden dine Gerninger, og de skulle forkynde din Vælde.
5 ৫ মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।
Jeg vil betænke din Majestæts herlige Ære og dine underfalde Gerninger.
6 ৬ লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
Og der skal tales om dine forfærdelige Gerningers Vælde, og jeg vil fortælle om din Magt.
7 ৭ তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
De skulle udbrede din store Godheds Ihukommelse og synge med Fryd om din Retfærdighed.
8 ৮ যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Herren er naadig og barmhjertig, langmodig og af stor Miskundhed.
9 ৯ যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
Herren er god imod alle, og hans Barmhjertighed er over alle hans Gerninger.
10 ১০ হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
Dig, Herre! skulle alle dine Gerninger prise og dine hellige love dig.
11 ১১ তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
De skulle forkynde dit Riges Ære, tale om din Vælde,
12 ১২ যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
for at kundgøre for Menneskens Børn hans Vælde og hans Riges herlige Ære.
13 ১৩ তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Dit Rige er et Rige i al Evighed, og dit Herredømme varer fra Slægt til Slægt.
14 ১৪ যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
Herren opholder alle dem, som falde, og oprejser alle de nedbøjede.
15 ১৫ সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
Alles Øjne vogte paa dig, og du giver dem deres Spise i sin Tid.
16 ১৬ তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
Du oplader din Haand og mætter alt det, som lever, med Velbehagelighed.
17 ১৭ যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
Herren er retfærdig i alle sine Veje og miskundelig i alle sine Gerninger.
18 ১৮ যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
Herren er nær hos alle, som kalde paa ham, hos alle, som kalde paa ham i Sandhed.
19 ১৯ যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
Han gør efter deres Velbehagelighed, som ham frygte, og han hører deres Skrig og frelser dem.
20 ২০ যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
Herren bevarer alle dem, som elske ham, men han ødelægger alle de ugudelige.
21 ২১ মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।
Min Mund skal udtale Herrens Lov, og alt Kød skal love hans hellige Navn evindelig og altid.