< সামসঙ্গীত 143 >
1 ১ হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
Господе, услиши молитву моју, прими мољење моје по истини својој, услиши ме по правди својој.
2 ২ তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
И не иди на суд са слугом својим, јер се неће оправдати пред Тобом нико жив.
3 ৩ শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
Непријатељ гони душу моју, гази у прах живот мој, посађује ме у мрак, као давно помрле.
4 ৪ সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
Трне у мени дух мој, нестаје у мени срца мог.
5 ৫ মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
Помињем дане старе, пребрајам све послове Твоје, размишљам о делима руку Твојих.
6 ৬ মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। (চেলা)
Пружам к Теби руке своје; душа је моја као сува земља пред Тобом.
7 ৭ হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
Похитај, услиши ме; Господе, нестаје духа мог, немој одвратити лице своје од мене; јер ћу бити као они који одлазе у гроб.
8 ৮ ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
Рано ми јави милост своју, јер се у Тебе уздам. Покажи ми пут, којим да идем, јер к Теби подижем душу своју.
9 ৯ হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
Избави ме од непријатеља мојих, Господе, к Теби притечем.
10 ১০ তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
Научи ме Творити вољу Твоју, јер си Ти Бог мој; дух Твој благи нека ме води по стази правој.
11 ১১ হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
Имена ради свог, Господе, оживи ме, по правди својој изведи из муке душу моју.
12 ১২ তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
И по милости својој истреби непријатеље моје, и погуби све који муче душу моју, јер сам Твој слуга.