< সামসঙ্গীত 143 >

1 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
מזמור לדוד יהוה שמע תפלתי-- האזינה אל-תחנוני באמנתך ענני בצדקתך
2 তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
ואל-תבוא במשפט את-עבדך כי לא-יצדק לפניך כל-חי
3 শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
כי רדף אויב נפשי-- דכא לארץ חיתי הושבני במחשכים כמתי עולם
4 সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
ותתעטף עלי רוחי בתוכי ישתומם לבי
5 মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
זכרתי ימים מקדם-- הגיתי בכל-פעלך במעשה ידיך אשוחח
6 মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। (চেলা)
פרשתי ידי אליך נפשי כארץ-עיפה לך סלה
7 হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
מהר ענני יהוה-- כלתה רוחי אל-תסתר פניך ממני ונמשלתי עם-ירדי בור
8 ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
השמיעני בבקר חסדך-- כי-בך בטחתי הודיעני דרך-זו אלך-- כי-אליך נשאתי נפשי
9 হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
הצילני מאיבי יהוה-- אליך כסתי
10 ১০ তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
למדני לעשות רצונך-- כי-אתה אלוהי רוחך טובה תנחני בארץ מישור
11 ১১ হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
למען-שמך יהוה תחיני בצדקתך תוציא מצרה נפשי
12 ১২ তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
ובחסדך תצמית איבי והאבדת כל-צררי נפשי--כי אני עבדך

< সামসঙ্গীত 143 >