< সামসঙ্গীত 142 >
1 ১ মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।
Eine Unterweisung Davids, ein Gebet, da er in der Höhle war. Ich schreie zum HERRN mit meiner Stimme; ich flehe zum HERRN mit meiner Stimme;
2 ২ মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।
ich schütte meine Rede vor ihm aus und zeige an vor ihm meine Not.
3 ৩ মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;
Wenn mein Geist in Ängsten ist, so nimmst du dich meiner an. Sie legen mir Stricke auf dem Wege, darauf ich gehe.
4 ৪ মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে।
Schaue zur Rechten und siehe! da will mich niemand kennen. Ich kann nicht entfliehen; niemand nimmt sich meiner Seele an.
5 ৫ হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”
HERR, zu dir schreie ich und sage: Du bist meine Zuversicht, mein Teil im Lande der Lebendigen.
6 ৬ তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।
Merke auf meine Klage, denn ich werde sehr geplagt; errette mich von meinen Verfolgern, denn sie sind mir zu mächtig.
7 ৭ কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।
Führe meine Seele aus dem Kerker, daß ich danke deinem Namen. Die Gerechten werden sich zu mir sammeln, wenn du mir wohltust.