< সামসঙ্গীত 141 >
1 ১ হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।
Dawid dwom. Ao Awurade, mesu mefrɛ wo, bra me nkyɛn ntɛm so. Sɛ mesu mefrɛ wo a, gye me so.
2 ২ মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
Ma me mpaeɛbɔ mmra wʼanim sɛ aduhwam; ma me nsa a mapagya nyɛ sɛ anwummerɛ afɔrebɔ.
3 ৩ হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।
Ao Awurade, ma ɔwɛmfoɔ nwɛn mʼano; na wɛn mʼano ɛpono.
4 ৪ কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ; তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ।
Mma wɔnntwe mʼakoma nkɔ deɛ ɛyɛ bɔne ho, na ankɔyɛ deɛ amumuyɛfoɔ yɛ no bi; mma me ne abɔnefoɔ nni wɔn nnɔkɔnnɔkɔwadeɛ.
5 ৫ ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
Ma ɔteneneeni mmɔ me, ɛyɛ ayamyɛ; ma ɔnka mʼanim, ɛyɛ me tiri so ngo. Me tiri rempo. Me mpaeɛbɔ da so tia abɔnefoɔ nneyɛɛ daa.
6 ৬ তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব, তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।
Wɔbɛto wɔn sodifoɔ afiri abotan so abɛhwe fam; na amumuyɛfoɔ bɛhunu sɛ me nsɛm no yɛ nokorɛ.
7 ৭ মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে। (Sheol )
Wɔbɛka sɛ, “Sɛdeɛ obi funtum na ɔtutu asase no, saa ara na wɔabɔ yɛn nnompe ahwete ɛda ano.” (Sheol )
8 ৮ কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে; মই তোমাতেই আশ্ৰয় লৈছোঁ, মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।
Nanso, Ao Otumfoɔ Awurade, wo so na mʼani da; wo mu na mehinta. Nnya me mma owuo.
9 ৯ তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
Bɔ me ho ban firi mfidie a wɔasunsum me no mu, mfidie a abɔnefoɔ asunsum no.
10 ১০ দুষ্ট লোক তেওঁলোকৰ নিজৰ জালত নিজেই পৰক, আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।
Ma amumuyɛfoɔ no ankasa atena nyi wɔn, na menkɔ me baabi asomdwoeɛ mu.