< সামসঙ্গীত 14 >
1 ১ এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
Fún adarí orin. Ti Dafidi. Aṣiwèrè wí nínú ọkàn rẹ̀ pé, “Ko sí Ọlọ́run.” Wọ́n díbàjẹ́, iṣẹ́ wọn sì burú; kò sí ẹnìkan tí yóò ṣe rere.
2 ২ যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
Olúwa sì bojú wolẹ̀ láti ọ̀run wá lórí àwọn ọmọ ènìyàn bóyá ó le rí ẹni tí òye yé, ẹnikẹ́ni tó ń wá Ọlọ́run.
3 ৩ তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
Gbogbo wọn sì ti yípadà, gbogbo wọn sì ti díbàjẹ́; kò sì ṣí ẹni tí ó ń ṣe rere, kò sí ẹnìkan.
4 ৪ যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
Ǹjẹ́ olùṣe búburú kò ha ní ìmọ̀? Àwọn tí ó ń pa ènìyàn mi jẹ bí ẹní jẹun; wọn kò sì ké pe Olúwa?
5 ৫ ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
Wọ́n wà níbẹ̀, tí a bò mọ́lẹ̀ pẹ̀lú ẹ̀rù, nítorí Ọlọ́run wà ní àwùjọ àwọn olódodo.
6 ৬ দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
Ẹ̀yin olùṣe búburú da èrò àwọn tálákà rú, ṣùgbọ́n Olúwa ni ààbò wọn.
7 ৭ অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।
Ìgbàlà àwọn Israẹli yóò ti Sioni wá! Nígbà tí Olúwa bá mú ìkólọ àwọn ènìyàn rẹ̀ padà, jẹ́ kí Jakọbu kí ó yọ̀, kí inú Israẹli kí ó dùn!