< সামসঙ্গীত 14 >
1 ১ এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
Az éneklőmesternek; Dávidé. Azt mondja a balgatag az ő szívében: Nincs Isten. Megromlottak, útálatosságot cselekedtek; nincs, a ki jót cselekedjék.
2 ২ যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
Az Úr letekintett a mennyből az emberek fiaira, hogy meglássa, ha van-é értelmes, Istent kereső?
3 ৩ তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
Mindnyájan elhajlottak; egyetemben elromlottak, nincs, a ki jót cselekedjék, nincsen csak egy sem.
4 ৪ যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
Nem tudják-é ezt mind a gonosztévők, a kik megeszik az én népemet, mintha kenyeret ennének, az Urat pedig segítségül nem hívják?
5 ৫ ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
Majd rettegnek rettegéssel, mert Isten az igaz nemzetséggel van!
6 ৬ দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
A szegénynek tanácsát kicsúfoljátok, mert az Úr az ő bizodalma.
7 ৭ অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।
Vajha eljőne Sionból Izráelnek a szabadítás! Mikor az Úr visszahozza népének foglyait, Jákób örül majd és vigad Izráel.