< সামসঙ্গীত 14 >

1 এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
Kwa mtsogoleri wa mayimbidwe. Salimo la Davide. Chitsiru chimati mu mtima mwake, “Kulibe Mulungu.” Oterewa ndi oyipa ndipo ntchito zawo ndi zonyansa; palibe amene amachita zabwino.
2 যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
Yehova kumwamba wayangʼana pansi, kuyangʼana anthu onse kuti aone ngati alipo wina wanzeru, amene amafunafuna Mulungu.
3 তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
Onse atembenukira kumbali, onse pamodzi asanduka oyipa; palibe amene amachita zabwino, palibiretu ndi mmodzi yemwe.
4 যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
Kodi anthu ochita zoyipawa sadziwa chilichonse? Akudya anthu anga ngati chakudya chawo ndipo satamanda Yehova?
5 ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
Awo ali apowo, agwidwa ndi mantha aakulu, pakuti Mulungu ali mʼgulu la olungama.
6 দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
Inu ochita zoyipa mumalepheretsa chikonzero cha anthu osauka, koma Yehova ndiye pothawirapo pawo.
7 অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।
Ndithu, chipulumutso cha Israeli chidzachokera ku Ziyoni! Pamene Yehova abwezeretsa ufulu wa anthu ake, Yakobo akondwere ndipo Israeli asangalale!

< সামসঙ্গীত 14 >