< সামসঙ্গীত 139 >
1 ১ হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা।
For the leader. Of David, a psalm. O Lord, you search and know me;
2 ২ তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।
when I sit, when I rise you know it, you perceive my thoughts from afar.
3 ৩ তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; মোৰ সকলো পথ তুমি ভালদৰে জানা।
When I walk, when I lie you sift it, familiar with all my ways.
4 ৪ কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
There is not a word on my tongue, but see! Lord, you know it all.
5 ৫ আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।
Behind and before you beset me, upon me you lay your hand.
6 ৬ এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;
It’s too wonderful for me to know too lofty I cannot attain it.
7 ৭ তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ? তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?
Whither shall I go from your spirit? Or whither shall I flee from your face?
8 ৮ যদি স্বৰ্গত গৈ উঠো, তাতো তুমি; যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা। (Sheol )
If I climb up to heaven, you are there: or make Sheol my bed, you are there. (Sheol )
9 ৯ যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,
If I lift up the wings of the morning and fly to the end of the sea,
10 ১০ তাতো তোমাৰ হাতে মোক চলাব; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।
there also your hand would grasp me, and your right hand take hold of me.
11 ১১ যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;
If I say, “Let the darkness cover me, and night be the light about me,”
12 ১২ বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।
The dark is not dark for you, but night is as light as the day.
13 ১৩ তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
For you did put me together; in my mother’s womb you did weave me.
14 ১৪ মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
I give you praise for my fashioning so full of awe, so wonderful. Your works are wonderful. You knew me right well;
15 ১৫ যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
my bones were not hidden from you, when I was made in secret, and woven in the depths of the earth.
16 ১৬ তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
Your eyes saw all my days: they stood on your book every one written down, before they were fashioned, while none of them yet was mine.
17 ১৭ হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!
But how far, O God, beyond measure are your thoughts! How mighty their sum!
18 ১৮ যদি মই সেইবোৰ গণনা কৰিব বিচাৰো, তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।
Should I count, they are more than the sand. When I wake, I am still with you.
19 ১৯ হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।
Will you slay the wicked, O God? And remove from me the bloodthirsty,
20 ২০ তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে।
who maliciously defy you and take your name in vain.
21 ২১ হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?
Do I not hate those who hate you, Lord? Do I not loathe those who resist you?
22 ২২ মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো।
With perfect hatred I hate them, I count them my enemies.
23 ২৩ হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;
Search me, O God, know my heart: test me, and know my thoughts,
24 ২৪ মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।
and see if guile be in me; and lead me in the way everlasting.