< সামসঙ্গীত 138 >
1 ১ হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
ipsi David confitebor tibi Domine in toto corde meo quoniam audisti verba oris mei in conspectu angelorum psallam tibi
2 ২ তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান।
adorabo ad templum sanctum tuum et confitebor nomini tuo super misericordia tua et veritate tua quoniam magnificasti super omne nomen sanctum tuum
3 ৩ মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
in quacumque die invocavero te exaudi me multiplicabis me in anima mea virtute
4 ৪ হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।
confiteantur tibi Domine omnes reges terrae quia audierunt omnia verba oris tui
5 ৫ তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; কিয়নো যিহোৱাৰ গৌৰৱ মহান।
et cantent in viis Domini quoniam magna gloria Domini
6 ৬ কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
quoniam excelsus Dominus et humilia respicit et alta a longe cognoscit
7 ৭ যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
si ambulavero in medio tribulationis vivificabis me super iram inimicorum meorum extendisti manum tuam et salvum me fecit dextera tua
8 ৮ যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।
Dominus retribuet propter me Domine misericordia tua in saeculum opera manuum tuarum ne dispicias