< সামসঙ্গীত 135 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।
Hvalite ime Gospodnje, hvalite, sluge Gospodnje,
2 ২ তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
Koji stojite u domu Gospodnjem, u dvorima doma Boga našega.
3 ৩ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
Hvalite Gospoda, jer je dobar Gospod; pojte imenu njegovu, jer je slatko.
4 ৪ কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
Jer Jakova izabra sebi Gospod, Izrailja za dostojanje svoje.
5 ৫ কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
Jer poznah da je velik Gospod, i Gospod naš svrh svijeh bogova.
6 ৬ আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
Što god hoæe, sve Gospod èini, na nebesima i na zemlji, u morima i u svima bezdanima.
7 ৭ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
Izvodi oblake od kraja zemlje, munje èini usred dažda, izvodi vjetar iz staja njegovijeh.
8 ৮ তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
On pobi prvence u Misiru od èovjeka do živinèeta.
9 ৯ হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
Pokaza znake i èudesa usred tebe, Misire, na Faraonu i na svijem slugama njegovijem.
10 ১০ তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
Pobi narode velike, i izgubi careve jake:
11 ১১ ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
Siona, cara Amorejskoga, i Oga, cara Vasanskoga, i sva carstva Hananska;
12 ১২ তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
I dade zemlju njihovu u dostojanje, u dostojanje Izrailju, narodu svojemu.
13 ১৩ হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
Gospode! ime je tvoje vjeèno; Gospode! spomen je tvoj od koljena do koljena.
14 ১৪ কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
Jer æe suditi Gospod narodu svojemu, i na sluge svoje smilovaæe se.
15 ১৫ জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
Idoli su neznabožaèki srebro i zlato, djelo ruku èovjeèijih;
16 ১৬ সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
Usta imaju, a ne govore; oèi imaju, a ne vide;
17 ১৭ কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
Uši imaju, a ne èuju; niti ima dihanja u ustima njihovijem.
18 ১৮ সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
Kakvi su oni onaki su i oni koji ih grade, i svi koji se uzdaju u njih.
19 ১৯ হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
Dome Izrailjev, blagosiljaj Gospoda; dome Aronov, blagosiljaj Gospoda;
20 ২০ হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
Dome Levijev, blagosiljaj Gospoda; koji se bojite Gospoda, blagosiljajte Gospoda.
21 ২১ চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Blagosloven Gospod na Sionu, koji živi u Jerusalimu! Aliluja!