< সামসঙ্গীত 135 >

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।
Praise ye Yah, Praise ye the Name of Yahweh, Praise, O ye servants of Yahweh;
2 তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
Who stand In the house of Yahweh, In the courts of the house of our God.
3 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
Praise ye Yah, For good is Yahweh, Sing praises to his Name, For it is full of delight;
4 কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
For, Jacob, hath Yah chosen for himself, Israel, for his own treasure.
5 কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
For, I, know that great is Yahweh, yea, our Lord, is beyond all gods.
6 আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
Whatsoever Yahweh hath pleased, he hath done, —in the heavens and on the earth, in the seas, and all resounding deeps:
7 তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
Causing vapours to ascend from the end of the earth, —Lightnings for the rain, hath he made, bringing forth wind out of his treasuries.
8 তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
Who smote the firstborn of Egypt, both of man, and of beast;
9 হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
Sent signs and wonders into thy midst, O Egypt, upon Pharaoh, and upon all his servants.
10 ১০ তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
Who smote great nations, and slew mighty kings:
11 ১১ ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
Sihon, king of the Amorites, and Og, king of Bashan, and all the kingdoms of Canaan;
12 ১২ তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
And gave their land as an inheritance, an inheritance to Israel his people.
13 ১৩ হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
O Yahweh! thy Name, is age-abiding, —O Yahweh! thy memorial, is to generation after generation.
14 ১৪ কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
For Yahweh will vindicate his people, —and, on his servants, have compassion.
15 ১৫ জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
The idols of the nations, are silver and gold, the work of the hands of men:
16 ১৬ সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
A mouth, have they, but they speak not, Eyes, have they, but they see not;
17 ১৭ কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
Ears, have they, but they hear not, Nose, —there is no breath in their mouth.
18 ১৮ সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
Like unto them, shall be they who make them, every one who trusteth in them.
19 ১৯ হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
O house of Israel! bless Yahweh, O house of Aaron! bless Yahweh;
20 ২০ হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
O house of Levi! bless Yahweh, Ye that revere Yahweh! bless Yahweh.
21 ২১ চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Blessed be Yahweh out of Zion, Who inhabiteth Jerusalem, Praise ye Yah!

< সামসঙ্গীত 135 >