< সামসঙ্গীত 132 >
1 ১ হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;
Cantique de Mahaloth. Ô Eternel! souviens-toi de David, [et] de toute son affliction.
2 ২ তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল, যাকোবৰ সর্বশক্তিমান জনাৰ ওচৰত সঙ্কল্প কৰিছিল।
Lequel a juré à l'Eternel, [et] fait vœu au Puissant de Jacob, [en disant]:
3 ৩ তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম, নিজৰ শয্যাতো শয়ন নকৰিম,
Si j'entre au Tabernacle de ma maison, [et] si je monte sur le lit où je couche;
4 ৪ মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম, চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,
Si je donne du sommeil à mes yeux, [si je laisse] sommeiller mes paupières,
5 ৫ যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”
Jusqu’à ce que j'aurai trouvé un lieu à l'Eternel, [et] des pavillons pour le Puissant de Jacob.
6 ৬ চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ, কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।
Voici, nous avons ouï parler d'elle vers Ephrat, nous l'avons trouvée aux champs de Jahar.
7 ৭ “আহাঁ, আমি তেওঁৰ আবাসলৈ যাওঁ, তেওঁৰ চৰণ তলত প্ৰণিপাত কৰোঁ।”
Nous entrerons dans ses pavillons, [et] nous nous prosternerons devant son marchepied.
8 ৮ হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আহাঁ; তুমি আহাঁ আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।
Lève-toi, ô Eternel! [pour venir] en ton repos, toi, et l'Arche de ta force.
9 ৯ তোমাৰ পুৰোহিতসকলে ধাৰ্মিকতাৰূপ বস্ত্ৰ পিন্ধক, তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।
Que tes Sacrificateurs soient revêtus de la justice, et que tes bien-aimés chantent de joie.
10 ১০ তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”
Pour l'amour de David ton serviteur, ne fais point que ton Oint tourne le visage en arrière.
11 ১১ যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।
L'Eternel a juré en vérité à David, [et] il ne se rétractera point, [disant]: je mettrai du fruit de ton ventre sur ton trône.
12 ১২ তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
Si tes enfants gardent mon alliance, et mon témoignage, que je leur enseignerai, leurs fils aussi seront assis à perpétuité sur ton trône.
13 ১৩ কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Car l'Eternel a choisi Sion; il l'a préférée pour être son siège.
14 ১৪ তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।
Elle est, [dit-il], mon repos à perpétuité; j'y demeurerai, parce que je l'ai chérie.
15 ১৫ মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
Je bénirai abondamment ses vivres; je rassasierai de pain ses pauvres.
16 ১৬ মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব।
Et je revêtirai ses Sacrificateurs de délivrance; et ses bien-aimés chanteront avec des transports.
17 ১৭ তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ।
Je ferai qu'en elle germera une corne à David; je préparerai une lampe à mon Oint.
18 ১৮ মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”
Je revêtirai de honte ses ennemis, et son diadème fleurira sur lui.