< সামসঙ্গীত 130 >
1 ১ হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
Cantique Mahaloth. Ô Éternel! je t'invoque des lieux profonds.
2 ২ হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
Seigneur, écoute ma voix! que tes oreilles soient attentives à la voix de mes supplications.
3 ৩ হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
Ô Eternel! si tu prends garde aux iniquités, Seigneur, qui est-ce qui subsistera?
4 ৪ কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
Mais il y a pardon par-devers toi, afin que tu sois craint.
5 ৫ মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
J'ai attendu l'Eternel; mon âme l'a attendu, et j'ai eu mon attente en sa parole.
6 ৬ প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
Mon âme [attend] le Seigneur plus que les sentinelles [n'attendent] le matin, plus que les sentinelles [n'attendent] le matin.
7 ৭ হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
Israël, attends-toi à l'Eternel: car l'Eternel est miséricordieux et il y a rédemption en abondance par devers lui.
8 ৮ তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।
Et lui-même rachètera Israël de toutes ses iniquités.