< সামসঙ্গীত 13 >

1 হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?
For the leader. A psalm of David. How long, Lord, will you forget me forever? How long will you hide your face from me?
2 কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?
How long must I nurse grief inside me, and in my heart a daily sorrow? How long are my foes to exult over me?
3 হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
Look at me, answer me, Lord my God. Fill my eyes with your light, lest I sleep in death,
4 মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
lest my enemies claim to have triumphed, lest my foes rejoice at my downfall.
5 কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।
But I trust in your kindness: my heart will rejoice in your help.
6 মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।
I will sing to the Lord who was good to me.

< সামসঙ্গীত 13 >