< সামসঙ্গীত 128 >
1 ১ ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
Canticum graduum. Beati omnes, qui timent Dominum, qui ambulant in viis eius.
2 ২ তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।
Labores manuum tuarum quia manducabis: beatus es, et bene tibi erit.
3 ৩ তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।
Uxor tua sicut vitis abundans, in lateribus domus tuæ. Filii tui sicut novellæ olivarum, in circuitu mensæ tuæ.
4 ৪ এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
Ecce sic benedicetur homo, qui timet Dominum.
5 ৫ যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
Benedicat tibi Dominus ex Sion: et videas bona Ierusalem omnibus diebus vitæ tuæ.
6 ৬ এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইস্ৰায়েলৰ ওপৰত শান্তি হওক।
Et videas filios filiorum tuorum, pacem super Israel.