< সামসঙ্গীত 127 >

1 যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
Cantique des degrés de Salomon.
2 মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।
C’est chose vaine à vous de vous lever avant le jour: levez-vous après que vous aurez pris du repos, vous qui mangez un pain de douleur.
3 সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।
Voici l’héritage du Seigneur, des fils; la récompense, le fruit des entrailles.
4 বীৰৰ হাতত কাঁড়বোৰ যেনে, যুবা সন্তান সকলো তেনে।
Comme des flèches dans la main d’un archer vigoureux, ainsi sont les fils des exilés.
5 সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
Bienheureux l’homme qui par eux a rempli son désir; il ne sera pas confondu, lorsqu’il parlera à ses ennemis à la porte de la ville.

< সামসঙ্গীত 127 >