< সামসঙ্গীত 124 >
1 ১ ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
ᾠδὴ τῶν ἀναβαθμῶν εἰ μὴ ὅτι κύριος ἦν ἐν ἡμῖν εἰπάτω δὴ Ισραηλ
2 ২ শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
εἰ μὴ ὅτι κύριος ἦν ἐν ἡμῖν ἐν τῷ ἐπαναστῆναι ἀνθρώπους ἐφ’ ἡμᾶς
3 ৩ তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,
ἄρα ζῶντας ἂν κατέπιον ἡμᾶς ἐν τῷ ὀργισθῆναι τὸν θυμὸν αὐτῶν ἐφ’ ἡμᾶς
4 ৪ তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;
ἄρα τὸ ὕδωρ κατεπόντισεν ἡμᾶς χείμαρρον διῆλθεν ἡ ψυχὴ ἡμῶν
5 ৫ ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।
ἄρα διῆλθεν ἡ ψυχὴ ἡμῶν τὸ ὕδωρ τὸ ἀνυπόστατον
6 ৬ ধন্য যিহোৱা, যি জনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে।
εὐλογητὸς κύριος ὃς οὐκ ἔδωκεν ἡμᾶς εἰς θήραν τοῖς ὀδοῦσιν αὐτῶν
7 ৭ আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।
ἡ ψυχὴ ἡμῶν ὡς στρουθίον ἐρρύσθη ἐκ τῆς παγίδος τῶν θηρευόντων ἡ παγὶς συνετρίβη καὶ ἡμεῖς ἐρρύσθημεν
8 ৮ যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
ἡ βοήθεια ἡμῶν ἐν ὀνόματι κυρίου τοῦ ποιήσαντος τὸν οὐρανὸν καὶ τὴν γῆν