< সামসঙ্গীত 124 >

1 ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
Píseň stupňů, Davidova. Byť Hospodina s námi nebylo, rciž nyní, Izraeli,
2 শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
Byť Hospodina s námi nebylo, když lidé povstali proti nám:
3 তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,
Tehdáž by nás byli za živa sehltili v rozpálení hněvu svého proti nám;
4 তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;
Tehdáž by nás byly přikvačily vody, proud zachvátil by byl duši naši;
5 ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।
Tehdáž zachvátily by byly duši naši ty vody zduté.
6 ধন্য যিহোৱা, যি জনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে।
Požehnaný Hospodin, kterýž nás nevydal v loupež zubům jejich.
7 আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।
Duše naše jako ptáče znikla osídla ptáčníků; osídlo se ztrhalo, i vynikli jsme.
8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
Pomoc naše jest ve jménu Hospodinovu, kterýž učinil nebe i zemi.

< সামসঙ্গীত 124 >