< সামসঙ্গীত 122 >

1 মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”
Salimo la Davide. Nyimbo yoyimba pokwera ku Yerusalemu. Ndinakondwera atandiwuza kuti, “Tiyeni ku nyumba ya Yehova.”
2 হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।
Mapazi athu akuyima mʼzipata zako, Iwe Yerusalemu.
3 সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।
Yerusalemu anamangidwa ngati mzinda umene uli wothithikana pamodzi.
4 সকলো ফৈদ সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
Kumeneko ndiye kumene kumapita mafuko, mafuko a Yehova, umboni wa kwa Israeli, kuti atamande dzina la Yehova.
5 কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
Kumeneko anayikako mipando yaufumu yachiweruzo, mipando yaufumu ya nyumba ya Davide.
6 তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
Pemphererani mtendere wa Yerusalemu: “Iwo amene amakukonda iwe zinthu ziwayendere bwino.
7 তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক, আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”
Mukhale mtendere mʼkati mwa makoma ako, ndipo mʼnyumba zako zaufumu mukhale chitetezo.”
8 মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”
Chifukwa cha abale anga ndi abwenzi anga ndidzati, “Mtendere ukhale mʼkati mwako.”
9 আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি প্ৰার্থনা কৰিম।
Chifukwa cha Nyumba ya Yehova Mulungu wathu, ndidzakufunira zabwino.

< সামসঙ্গীত 122 >