< সামসঙ্গীত 122 >
1 ১ মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”
Давидова песен на възкачванията. Зарадвах се, когато ми рекоха: Да отидем в дома Господен.
2 ২ হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।
Ето, нозете ни стоят Отвътре портите ти Ерусалиме.
3 ৩ সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।
Ерусалиме, който си съграден, Като град сглобен в едно;
4 ৪ সকলো ফৈদ সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
Гдето възлизат племената, Господните племена. Според надеждите на Израиля, За да славят името Господно.
5 ৫ কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
Защото там са поставени престоли за съд, Престолите на Давидовия дом.
6 ৬ তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
Молитствувайте за мира на Ерусалим; Нека благоденствуват ония, които те обичат!
7 ৭ তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক, আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”
Мир да бъде отвътре стените ти, Благоденствие в палатите ти!
8 ৮ মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”
Заради братята и другарите си Ще кажа сега: Мир да е в тебе!
9 ৯ আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি প্ৰার্থনা কৰিম।
Заради дома на Господа нашия Бог Ще търся доброто ти.