< সামসঙ্গীত 121 >
1 ১ মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
[A Song of Ascents.] I will lift up my eyes to the hills. Where does my help come from?
2 ২ যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
My help comes from Jehovah, who made heaven and earth.
3 ৩ তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
He will not allow your foot to be moved. He who keeps you will not slumber.
4 ৪ চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
Look, he who keeps Israel will neither slumber nor sleep.
5 ৫ যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
Jehovah is your keeper. Jehovah is your shade on your right hand.
6 ৬ দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
The sun will not harm you by day, nor the moon by night.
7 ৭ যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
Jehovah will keep you from all evil. He will keep your soul.
8 ৮ যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
Jehovah will keep your going out and your coming in, from this time forth, and forevermore.