< সামসঙ্গীত 121 >
1 ১ মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
Nyimbo yoyimba pokwera ku Yerusalemu. Ndikweza maso anga ku mapiri; kodi thandizo langa limachokera kuti?
2 ২ যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
Thandizo langa limachokera kwa Yehova, wolenga kumwamba ndi dziko lapansi.
3 ৩ তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
Sadzalola kuti phazi lako literereke; Iye amene amakusunga sadzawodzera.
4 ৪ চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
Taonani, Iye amene amasunga Israeli sadzawodzera kapena kugona.
5 ৫ যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
Yehova ndiye amene amakusunga; Yehova ndiye mthunzi wako ku dzanja lako lamanja.
6 ৬ দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
Dzuwa silidzakupweteka nthawi ya masana, kapena mwezi nthawi ya usiku.
7 ৭ যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
Yehova adzakuteteza ku zoyipa zonse; adzasunga moyo wako.
8 ৮ যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
Yehova adzayangʼanira kutuluka kwako ndi kulowa kwako; kuyambira tsopano mpaka muyaya.