< সামসঙ্গীত 120 >
1 ১ মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।
A Song of Ascents. In my distress I called unto the LORD, and He answered me.
2 ২ “হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।”
O LORD, deliver my soul from lying lips, from a deceitful tongue.
3 ৩ হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?
What shall be given unto thee, and what shall be done more unto thee, thou deceitful tongue?
4 ৪ তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব।
Sharp arrows of the mighty, with coals of broom.
5 ৫ হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।
Woe is me, that I sojourn with Meshech, that I dwell beside the tents of Kedar!
6 ৬ যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছোঁ।
My soul hath full long had her dwelling with him that hateth peace.
7 ৭ মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।
I am all peace; but when I speak, they are for war.