< সামসঙ্গীত 12 >

1 হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
ऐ ख़ुदावन्द! बचा ले क्यूँकि कोई दीनदार नहीं रहा और अमानत दार लोग बनी आदम में से मिट गये।
2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
वह अपने अपने पड़ोसी से झूठ बोलते हैं वह ख़ुशामदी लबों से दो रंगी बातें करते हैं
3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
ख़ुदावन्द सब ख़ुशामदी लबों को और बड़े बोल बोलने वाली ज़बान को काट डालेगा।
4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
वह कहते हैं, “हम अपनी ज़बान से जीतेंगे, हमारे होंट हमारे ही हैं; हमारा मालिक कौन है?”
5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
ग़रीबों की तबाही और ग़रीबों कीआह की वजह से, ख़ुदावन्द फ़रमाता है, कि अब मैं उठूँगा और जिस पर वह फुंकारते हैं उसे अम्न — ओ — अमान में रख्खूँगा।
6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
ख़ुदावन्द का कलाम पाक है, उस चाँदी की तरह जो भट्टी में मिट्टी पर ताई गई, और सात बार साफ़ की गई हो।
7 হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা।
तू ही ऐ ख़ुदावन्द उनकी हिफ़ाज़त करेगा, तू ही उनको इस नसल से हमेशा तक बचाए रखेगा।
8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।
जब बनी आदम में पाजीपन की क़द्र होती है, तो शरीर हर तरफ़ चलते फिरते हैं।

< সামসঙ্গীত 12 >