< সামসঙ্গীত 12 >
1 ১ হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
Mai marelui muzician pe un instrument cu coarde, un psalm al lui David. Ajută DOAMNE, fiindcă cel evlavios se duce, fiindcă dispar cei credincioși dintre copiii oamenilor.
2 ২ মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
Ei vorbesc deșertăciune, fiecare cu aproapele său, ei vorbesc cu buze lingușitoare și cu o inimă prefăcută.
3 ৩ তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
DOMNUL va stârpi toate buzele lingușitoare și limba care vorbește lucruri trufașe,
4 ৪ সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
Ei care au spus: Cu limba noastră vom învinge și buzele noastre sunt ale noastre; cine este domn peste noi?
5 ৫ যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
Din cauza oprimării celor săraci, din cauza oftatului celor nevoiași, mă voi ridica acum, spune DOMNUL; îl voi pune la loc sigur față de cel ce pufnește la el.
6 ৬ যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
Cuvintele DOMNULUI sunt cuvinte pure, ca argintul curățat într-un cuptor de pământ, purificat de șapte ori.
7 ৭ হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা।
Tu le vei ține, DOAMNE, tu le vei păstra din această generație pentru totdeauna.
8 ৮ লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।
Cei stricați umblă pretutindeni, când cei mai ticăloși oameni sunt înălțați.