< সামসঙ্গীত 118 >

1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
הודו ליהוה כי טוב כי לעולם חסדו׃
2 ইস্ৰায়েলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
יאמר נא ישראל כי לעולם חסדו׃
3 হাৰোণৰ বংশই কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
יאמרו נא בית אהרן כי לעולם חסדו׃
4 যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
יאמרו נא יראי יהוה כי לעולם חסדו׃
5 মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।
מן המצר קראתי יה ענני במרחב יה׃
6 যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
יהוה לי לא אירא מה יעשה לי אדם׃
7 মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম।
יהוה לי בעזרי ואני אראה בשנאי׃
8 মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
טוב לחסות ביהוה מבטח באדם׃
9 অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
טוב לחסות ביהוה מבטח בנדיבים׃
10 ১০ সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
כל גוים סבבוני בשם יהוה כי אמילם׃
11 ১১ তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
סבוני גם סבבוני בשם יהוה כי אמילם׃
12 ১২ তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
סבוני כדבורים דעכו כאש קוצים בשם יהוה כי אמילם׃
13 ১৩ মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যিহোৱাই মোক সহায় কৰিলে।
דחה דחיתני לנפל ויהוה עזרני׃
14 ১৪ যিহোৱা মোৰ বল আৰু প্রবল শক্তি; তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।
עזי וזמרת יה ויהי לי לישועה׃
15 ১৫ ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।”
קול רנה וישועה באהלי צדיקים ימין יהוה עשה חיל׃
16 ১৬ যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।
ימין יהוה רוממה ימין יהוה עשה חיל׃
17 ১৭ মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।
לא אמות כי אחיה ואספר מעשי יה׃
18 ১৮ যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।
יסר יסרני יה ולמות לא נתנני׃
19 ১৯ মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।
פתחו לי שערי צדק אבא בם אודה יה׃
20 ২০ এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়।
זה השער ליהוה צדיקים יבאו בו׃
21 ২১ মই তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি মোক উত্তৰ দিলা; তুমি মোৰ পৰিত্ৰাণ থ’লো।
אודך כי עניתני ותהי לי לישועה׃
22 ২২ ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
אבן מאסו הבונים היתה לראש פנה׃
23 ২৩ এইয়া যিহোৱাৰেই কার্য, আমাৰ দৃষ্টিত অতি আচৰিত লাগে।
מאת יהוה היתה זאת היא נפלאת בעינינו׃
24 ২৪ এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
זה היום עשה יהוה נגילה ונשמחה בו׃
25 ২৫ হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা! হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা।
אנא יהוה הושיעה נא אנא יהוה הצליחה נא׃
26 ২৬ ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।
ברוך הבא בשם יהוה ברכנוכם מבית יהוה׃
27 ২৭ যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।
אל יהוה ויאר לנו אסרו חג בעבתים עד קרנות המזבח׃
28 ২৮ তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।
אלי אתה ואודך אלהי ארוממך׃
29 ২৯ তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
הודו ליהוה כי טוב כי לעולם חסדו׃

< সামসঙ্গীত 118 >