< সামসঙ্গীত 115 >
1 ১ হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
Kì í ṣe fún wa, Olúwa kì í ṣe fún wa, ṣùgbọ́n fún orúkọ rẹ ni a fi ògo fún, fún àánú àti òtítọ́ rẹ.
2 ২ আন জাতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”
Torí kí ni àwọn kèfèrí yóò ṣe sọ pé, níbo ni Ọlọ́run wa wà.
3 ৩ আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।
Ṣùgbọ́n Ọlọ́run wa wà lọ́run: tí ó ń ṣe èyí tí ó wù ú.
4 ৪ তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য।
Fàdákà òun wúrà ni èrè àwọn aláìkọlà, iṣẹ́ ọwọ́ ènìyàn ni.
5 ৫ সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
Wọ́n ní ẹnu, ṣùgbọ́n wọn kò le sọ̀rọ̀, wọ́n ní ojú, ṣùgbọ́n wọn kò fi ríran.
6 ৬ কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;
Wọ́n ní etí, ṣùgbọ́n wọn kò fi gbọ́rọ̀: wọ́n ní imú, ṣùgbọ́n wọn kò fi gbóòórùn.
7 ৭ হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে।
Wọ́n ní ọwọ́, ṣùgbọ́n wọn kò lò ó, wọ́n ní ẹsẹ̀, ṣùgbọ́n wọn kò rìn; bẹ́ẹ̀ ni wọn kò sọ̀rọ̀ nínú òfin wọn.
8 ৮ যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
Àwọn tí ń ṣe wọ́n dàbí wọn; gẹ́gẹ́ bẹ́ẹ̀ ni olúkúlùkù ẹni tí ó gbẹ́kẹ̀ rẹ̀ lé wọn.
9 ৯ হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
Ìwọ Israẹli gbẹ́kẹ̀lé Olúwa: òun ni ìrànwọ́ àti ààbò wọn
10 ১০ হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
Ẹ̀ yin ilé Aaroni, gbẹ́kẹ̀lé Olúwa: òun ni ìrànwọ́ àti ààbò wọn.
11 ১১ হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
Ẹ̀ yin tí ó bẹ̀rù Olúwa, gbẹ́kẹ̀lé Olúwa: òun ní ìrànwọ́ àti ààbò wọn.
12 ১২ যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
Olúwa tí ń ṣe ìrántí wa; yóò bùkún ilé Israẹli; yóò bùkún ilé Aaroni.
13 ১৩ যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।
Ìbùkún ni fún àwọn tí ó bẹ̀rù Olúwa, àti kékeré àti ńlá.
14 ১৪ যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।
Olúwa yóò mú ọ pọ̀ sí i síwájú àti síwájú, ìwọ àti àwọn ọmọ rẹ̀.
15 ১৫ যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
Ẹ fi ìbùkún fún Olúwa ẹni tí ó dá ọ̀run òun ayé.
16 ১৬ স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।
Ọ̀run àní ọ̀run ni ti Olúwa: ṣùgbọ́n ayé ló fi fún ọmọ ènìyàn.
17 ১৭ মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।
Òkú kò lè yìn Olúwa, tàbí ẹni tí ó ti lọ sí ìsàlẹ̀ ìdákẹ́ jẹ́ẹ́.
18 ১৮ কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Ṣùgbọ́n àwa ó fi ìbùkún fún Olúwa láti ìsinsin yìí lọ àti títí láéláé. Ẹ yin Olúwa.