< সামসঙ্গীত 115 >
1 ১ হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
Bika kuidi beto, a Yave, bika kuidi beto; vayi kuidi dizina diaku kuba nkembo, mu diambu di luzolo luaku ayi kikhuikizi kiaku.
2 ২ আন জাতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”
Bila mbi makanda malembo tubila ti: “Kuevi kuidi Nzambi awu e?”
3 ৩ আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।
Nzambi eto widi ku Diyilu, niandi weti vanga moso katidi.
4 ৪ তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য।
Vayi bitumba biawu bidi palata ayi nolo; bivangulu mu mioko mi batu.
5 ৫ সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
Bibeki miunu vayi bilendi yoluka ko; meso vayi bilendi mona ko.
6 ৬ কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;
Bibeki matu vayi bilendi wa ko; mayilu vayi bilendi wa tsudi ko.
7 ৭ হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে।
Bibeki mioko vayi bilendi simba ko, malu vayi bilendi diata ko. Voti bilendi totula ko biyoko mu phovi-yi-dilaka diawu.
8 ৮ যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
Batu bobo bavanga biawu bela ba banga biawu, ayi buawu bobo buela bela batu boso bobo bantulanga diana mu biawu.
9 ৯ হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
A nzo yi Iseli, tula diana mu Yave. Niandi nsadisi awu ayi nkaku awu.
10 ১০ হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
A Nzo yi Aloni, tula diana mu Yave. Niandi nsadisi awu ayi nkaku awu.
11 ১১ হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
Beno lueti kunkinzika, lutula diana mu Yave. Niandi nsadisi awu ayi nkaku awu.
12 ১২ যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
Yave weti kututebukila moyo ayi wela kutusakumuna. Wela sakumuna nzo yi Iseli, wela sakumuna nzo yi Aloni.
13 ১৩ যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।
Wela sakumuna bobo beti kinzika Yave, batu baphamba va kimosi ayi batu banneni.
14 ১৪ যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।
Bika Yave kaluwokisa, beno ayi bana beno va kimosi.
15 ১৫ যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
Bika Yave kalusakuna, mvangi wu diyilu ayi ntoto.
16 ১৬ স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।
Yave niandi vuidi Diyilu dizangama vayi ntoto wuvanu kuidi mutu.
17 ১৭ মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।
Kadi sia ti bafua bawu beti zitisa Yave; bobo bankuendanga ku tsi yidi dio sui.
18 ১৮ কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Vayi beto tueti yayisa Yave tona buabu nate mu zithangu zioso. Luzitisa Yave.