< সামসঙ্গীত 114 >

1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
בְּצֵ֣את יִ֭שְׂרָאֵל מִמִּצְרָ֑יִם בֵּ֥ית יַ֝עֲקֹ֗ב מֵעַ֥ם לֹעֵֽז׃
2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
הָיְתָ֣ה יְהוּדָ֣ה לְקָדְשֹׁ֑ו יִ֝שְׂרָאֵ֗ל מַמְשְׁלֹותָֽיו׃
3 সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল।
הַיָּ֣ם רָ֭אָה וַיָּנֹ֑ס הַ֝יַּרְדֵּ֗ן יִסֹּ֥ב לְאָחֹֽור׃
4 পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
הֶֽ֭הָרִים רָקְד֣וּ כְאֵילִ֑ים גְּ֝בָעֹ֗ות כִּבְנֵי־צֹֽאן׃
5 হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
מַה־לְּךָ֣ הַ֭יָּם כִּ֣י תָנ֑וּס הַ֝יַּרְדֵּ֗ן תִּסֹּ֥ב לְאָחֹֽור׃
6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
הֶֽ֭הָרִים תִּרְקְד֣וּ כְאֵילִ֑ים גְּ֝בָעֹ֗ות כִּבְנֵי־צֹֽאן׃
7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
מִלִּפְנֵ֣י אָ֭דֹון ח֣וּלִי אָ֑רֶץ מִ֝לִּפְנֵ֗י אֱלֹ֣והַּ יַעֲקֹֽב׃
8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।
הַהֹפְכִ֣י הַצּ֣וּר אֲגַם־מָ֑יִם חַ֝לָּמִ֗ישׁ לְמַעְיְנֹו־מָֽיִם׃

< সামসঙ্গীত 114 >