< সামসঙ্গীত 114 >
1 ১ ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
Halleluja! Da Israel drog fra Ægypten, Jakobs Hus fra det stammende Folk,
2 ২ তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
da blev Juda hans Helligdom, Israel blev hans Rige.
3 ৩ সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল।
Havet så det og flyede, Jordan trak sig tilbage,
4 ৪ পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
Bjergene sprang som Vædre, Højene hopped som Lam.
5 ৫ হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
Hvad fejler du, Hav, at du flyr, Jordan, hvi går du tilbage,
6 ৬ হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
hvi springer I Bjerge som Vædre, hvi hopper I Høje som Lam?
7 ৭ হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
Skælv, Jord, for HERRENs Åsyn, for Jakobs Guds Åsyn,
8 ৮ তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।
han, som gør Klipper til Vanddrag, til Kildevæld hården Flint!